এটি আকস্মিক ভংগীমাৰে
তুমি পাৰ হৈ যোৱা
মোৰ মনৰ পদূলিৰে।।
সেউজৰ স্বাভাৱিক আলিংগণত,
মোৰ বিষাদবোৰত তোমাৰ চুম্বন।
নিয়ৰৰ অদৃশ্য কণিকাবোৰে
তিয়াই মৌণতাৰ প্ৰাৰম্ভিক প্ৰশ্নকাকত।
ভাহি যায় চিয়াহী,
অস্পষ্ট কৰে উত্তৰবিহীন প্ৰশ্নবোৰ??
এজাক বতাহ আহে,
তোমাৰ হৃদয়ৰ ৰাজধানীৰ পৰা…
মোৰ দুখীয়া দেশৰ এটি জুপুৰীলৈ।
সাগৰিকা !!!!
আৰু তেতিয়াই সংগোপনে মই অংকন কৰো,
শৰতৰ শেৱালি।
